Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

Unique blog Some different for Corona /lockdown ॥বেলেগতকৈ বেলেগ যাত্ৰাৰ কিছু মুহুৰ্ত ॥Infopayengl


Unique blog Some different  for Corona /lockdown ॥বেলেগতকৈ বেলেগ যাত্ৰাৰ কিছু মুহুৰ্ত ॥Infopayengl


আজি কবলৈ গৈ আছো,বেলগতকৈ কিছু বেলেগ বিশ্বৰ ছচিয়েল মেডিয়া ইউটিবৰ সুৰত ,মানে ইউটিবৰ ব্লগ ভিডিঅৰ ওপৰত তেন্তে আৰম্ভ কৰিছো..মই তপন পায়েং আপুনি পঢ়ি আছে infopayeng.blogspot.com ৰ এটি পষ্ট ,আজিৰ এই পষ্টত উল্লেখ কৰিব গৈ আছো,অাজিৰ দিনটোৰ অৰ্থাৎ 22-08-2020 তাৰিখৰ ।
দিনটোৰ পুৱাতেই মুখত টুটব্ৰাছত লৈ মুখ ছাফা কৰি লখিমপুৰ টাউনলৈ যাবলৈ যাত্ৰা আৰম্ভ কৰিছিলো,বৰ্তমানৰ  মহামাৰীৰ ত্ৰাসত গোটেই বিশ্বজুৰি লকডাউন প্ৰক্ৰিয়াত অশৃংখল সৃষ্টি হৈছে,ভাৱিছিলো
প্ৰভাতৰ আৰম্ভনিতে গাড়ীৰে লখিমপুৰ টাউনলৈ যাম বুলি কিন্তু দৰিদ্ৰতাৰ সীমাই বৰ উজুটনি দিলে কাৰণ গাৱৰ পৰা টাউনলৈ যাওঁতে ভাড়া লাগে এশ টকা আৰু গুৰি আহোঁতে লাগে এশ টকা মুঠতে দুশ থকা লাগে কিন্তু হাতত দুশ টকাতকৈ বেছি থকাৰ উপৰিওঁ মোৰ হিৰো চাইকেলেৰে হাপফেডেল মাৰি যাত্ৰাটো আৰম্ভ কৰিলো ।
গতিকে আৰম্ভ কৰিলো মোৰ চাইকেল যাত্ৰাত,চাইকেলৰ আধা কিলিং কিলিং কৰোতেঁ গাৱৰে নিকটে থকা গাৱঁ তাঁতিয়ামৰা গাৱঁৰ যুৱক তথা আমাৰ শালমৰা তিনিশালিৰ শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য্য সন্জয় নৰহক চাইকেল যাত্ৰাৰ বাটত লগ পাইছিলো যদিও চাৰি-পাচঁফুত নিলগৰ পৰা কলৈ যোৱা বুলি সুধিছিল তাৰ উত্তৰত মই কলো টাউনলৈ মোৰ উত্তৰত তেওঁ আকৌ মোক সুধিছিল চাইকেলেৰে নেকি?? পাৰিবানে ??প্ৰতিউত্তৰত আকৌ কলো কিয় নোৱাৰিম,আগতেওঁটো মই গৈছো চাইকেল চলাই । তাৰপিছত লাহে ধীৰে গৈ ফেডেল বুৰটোৰ ক্ৰমাত বেছিকে ভৰি দিলো,মোৰ এটা অভ্যাস হৈ ৰৈছে কাৰণ  কলেজলৈওঁ চাইকেল চলাইয়ে অকলে অকলে কেতিয়াবা সংগীহিচাপে মোৰ প্ৰিয় বন্ধু বিশ্বজিতো সংগ দিয়ে যেতিয়া অকলে যাওঁ তেতিয়া গান গাই যাওঁ,নতুবা কবিতা আকৌ মাজে মাজে মিমিক্ৰি  ঠিক তেনেদৰে 23 তাৰিখৰ দিনটো তেনেকৈ অতিক্ৰম কৰিবলগীয়া হৈছো  গানবোৰ মাজত 

Ba kuda tum hi ho
or jaga tum hi ho
নতুবা মিছিং ঐনিতম
ya:lo bo:bin e´:sar de´ ka:nkane´ oi
ising da:le´m di:rmodune´
মাজে মাজে স্বৰচিত কবিতা আবৃতি বাটৰ মাজে মাজে কিছুমানুহক লগ পাওঁ মানুহবোৰে  চাই হাঁহে ,কিজানি সিহঁতৰ বোধ হৈছে কিজানি মই এজন পাগল বুলি ॥ আৰু এনেকৈ  অতিক্ৰম কৰি পহুমৰাত তিথাপিলো কিছুসময় অতিক্ৰম কৰাৰ পাছত এখন হোটেলত অন্ন এমুঠি ভৰাবলৈ প্ৰৱেশ কৰিলো কাৰণ কেইবা সময়ৰ পৰা পেটে জাননী দিছে পেট খালিৰ শব্দ মই আৰু ৰব নোৱাৰিলো ॥ যিকিনহওঁক পেট-পুজা কৰাৰ পিছত  হোটেলৰ পৰা প্ৰস্থান কৰিলো অলপ দুৰৈৰ পৰা দেখিলো সমুখতে দুৰ্গা মন্দিৰ কোনো ভক্তৰ সমাগমৰ জাকৰুৱা 


হোৱা দৃশ্য পৰিলক্ষিত হোৱা নাই,কিন্তু ৰাস্তাত গাড়ী-মটৰৰ ভিৰ দেখিবলৈ পাইছো,আৰু কিছুদুৰ গৈ গনেশ মন্দিৰ উপবিষ্ট হলো,গনেশ মন্দিৰটো একেই দৃশ্য মাথোন দুই এজনৰ ছেল্ফী তোলা দেখিবলৈ পালোঁ ।  ৰাস্তাৰ কাষে কাষে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ শাৰী কৰবাত উত্তৰ লখিমপৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম অাৰু দ্বিতীয় বৰ্ষ কৰবাত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীৰ সেউজীয়া আৱৰণ ॥মনে যেন বিচাৰিছে কলেজলৈ যোৱাৰ কাৰণ যিহেতু আমাৰ স্নাতকৰ ভাৱে পাঠদান কাৰ্য্য প্ৰক্ৰিয়া এতিয়ালৈকে  আৰম্ভ হোৱা নাই সেয়ে  আমি যোৱাৰ পৰা বিৰতত থাকিবলগীয়া হৈছো । লখিমপুৰ টাউনলৈ অাহিছিলো বিশেষ তিনিটা কাৰনত প্ৰথমটো হল আমাৰ ১‍১১  নং লখিমপুৰ বিধান সমষ্টিৰ বিধায়ক শ্ৰী উৎপল দত্তদেৱৰ ঘৰত জলপানী সাহায্যৰ ভাৱে দ্বিতীয়তে পিতাশ্ৰীৰ ডাকঘৰৰ RPL payement ভাৱে আৰু তৃতীয়তে তিনিটা কিতাপৰ ভাৱে । যিকিনহওঁক মোৰ প্ৰথমটো কাম হৈছে বিধায়ক মহোদয়ৰ ঘৰত দেখা দিবৰ ভাৱে সেয়ে তাৰ ওচৰলৈ  যাব লগা হলোঁ কিন্তু  বিধায়ক মহোদয় জন যোৱা নিশাতেই গুৱাহাটীলৈ গৈছে বুলি বিধায়ক মহোদয়ৰ ঘৰত থকা প্ৰৌঢ়ীয়ে তেনেকৈ কৈছিল ॥

দ্বিতীয়তে ডাকঘৰলৈ গলো কিন্তু  দহমান বজাৰ আগত হেনো ডাকঘৰৰ জপনাখন নোখোলে সেয়ে তাৰ উমান চি ডি ৰোডলৈ ডাপলিলো কিছু দুৰ আগবঢ়াৰ পিছত আমাৰ পুৰণি ৱালমেট এজনক লগ পালো নাম বিটু চুংক্ৰা বৰ্তমান সি ISDI বেংকত কৰ্মনিৰ্বাহ কৰে লগতে আইন বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁক লগ পোৱ‍াৰ পৰত তেওঁৰ ভাড়া কোঠালৈ গমন কৰাৰ পিছত তেওঁৰ কোঠাত তৃপ্তিৰে চাঁহ খালোঁ দুয়োজনে তাৰ পিছত তেওঁৰ কোঠাটোৰ পৰা গন্তব্য কৰিলো কাৰণ তেওঁৰ ভাৱে বেংক যোৱাৰ সময় আছিল । তেওঁক বিদায় দিয়াৰ পিছত আকৌ ৱালমেট এজনীক লগ পালো নাম তাইৰ সংগীতা দলে বৰ্তমান তাই বিবাহিত নাৰী ,তেওঁক লগ পিছফ তেওঁৰ সতে খোজ মিলাই যাবলৈ আৰম্ভ কৰিলো,ওচৰতে তেওঁৰ পুৰুষজনে হোটেলৰ মালিক হেনো হোটেলখনৰ নাম মিছিং কিটছেন । সংগীতা বাইদেউক বিদায়ৰ দিয়াৰ পিছত ডাকঘৰলৈ গলো সময় দহটা বাজিছিল কাৰ্যালয় খোলাৰ সময় আহি পৰিছিল যদিওঁ খোলা নাছিল,
বহু সময় ধৰি অপেক্ষাৰত হব লগাত পৰিছিল ইফালে কৰণাৰ ভাৱে সামাজিক দুৰত্বত বজাই ৰাখিব লগাত পৰিছিল ,কাউন্টাৰৰ শাৰীত থিয় দিলো,অৱশেষত দ্বিতীয়টো কামো সম্পন্ন কৰিব পাৰিছিলো আৰু বাদ পৰিছিল তৃতীয়টো কাম ॥

তৃতীয়টো কামৰ ভাৱে গাজী বুক ষ্টললৈ যাব লগা হলো ,বিচৰা কিতাপটো পোৱা নাছিলো কিন্তু দুখন কিতাপ কিনিব পৰা গৈছিলো কিতাপ দুখনৰ নাম  নিখোজ (গল্প অনুবাদন) আৰু ভাল ছাত্ৰ কেনেকৈ হব পাৰি (উৎসাহ মূলক গ্ৰন্থ) ।
কিতাপ খন ক্ৰয় কৰাৰ পৰাৰ পিছত  ঘৰলৈ  উভতি যাবলৈ আৰম্ভ কৰিলো কিন্তু তাৰ আগতে আমাৰ ভাড়া কোঠালৈ এপাক মাৰি যাব লগা হলো,কোঠাখন  বিশৃংখলৰ পৰিস্থিতি কোঠাটকৰ আশেপাশে থকা সদস্যবোৰো নাই ,যিকি নহওঁক অৱশেষত ঘৰলৈ উভতি এটি ঐনিতমৰে ।
 নিজেই শিল্পী
আকৌ নিজেই দৰ্শক তেনেই ৰূপত 
নিজতেই মগন ,
এইভাৱেই গান গাই ফেডেল মাৰিলো॥


ধন্যবাদ
✍ তপন পায়েং

Post a Comment

0 Comments