*দৃশ্যপথ
*প্ৰভাকৰৰ প্ৰৱেশত সমস্ত সংসাৰখন দীপ্তীময় হব,কাণে কাণে আহি ঘনচিৰিকাহতেও ফুচ-ফুচাই কব আৰু তেতিয়া নিদ্ৰাদেৱীৰ পৰা মুক্ত হম বুলি ভাবিলত । এন্ধাৰ সকলো কলা সদৃশ বৰনেৰে নিদ্ৰাদেৱীৰ কোঠালীখন ডাকি ৰাখিছে ,হয়টো গভীৰ নিশাত শয্যাশীলনতাত ভাললগা সপোনৰ পখিলা জাকৰ পিছে দৌৰি গৈ নিশাহটোৰ কথা
পাহৰিব পাৰো বুলি " আই"ক নিশাহতেই কৈছিলো সাঁৰ নাপাবওঁ পাৰে বুলি ওৰে-ৰাতি কথাৰ পিছত কথাতেও নোকোৱা নহয় কাৰন ৰাতি-পুৱাই টাউনলৈ যোৱাৰ কথা ।
সকলো ৰীতি-নীতি এতিয়াওঁ অভ্যাসত আছে আৰু থাকিবই লাগিব যেতিয়া দিবাকৰৰ আগমনৰ আগত মানুহৰ লগত নিলয়ত বাস কৰা চৰাই-চিৰিকটিৰ পুৱাৰ মধুময় গীত, কুকুৰাই ডাক দিয়া ,ইয়াতেই আকৌ মনত পৰি গল কুকুৰাই ডাক দিয়াৰ পিছতেহে হেনো ৰাতি-পুৱাই সচাকৈ বৰ হাস্যকৰ নহয়নে ? ক্ৰমানুসাৰে এটাৰ পিছত এটিকৈ কাৰ্য্যক্ৰমনিকাবোৰ সুচাৰুৰূপে কৰা ,ঘৰটোৰ মহিলাসকলে ঢেকীঁ বা কীঃপাৰত ধান গুজা , ঘৰটোৰ পুৰুষে কান্ডত নাঙল তুলি ,গৰুজাকৰ সতে সোণালী উৎসলৈ যোৱা তাৰ পিছত আকৌ অন্নৰ বাবে ধানবোৰ গুজি আৰু পথাৰলৈ যোৱা আপোনজনৰ বাবে খাদ্য প্ৰকৰণ কৰি অৱশেষত নিজেওঁ পথাৰলৈ যোৱা ইত্যাদি ইত্যাদি ।
তেনেকৈ কী:পাৰত ইগিৰ সন্মিলিতত পৰা শব্দত কাণতো নপৰা নহয়, ইফালে নিশাহটোত কোৱামতেই "আই"য়ে নিদ্ৰাৰ পৰা সাৰ পাবলৈ জগাইছে তাতে আকৌ ঘৰটোৰ ডাঙৰ বৌও দুটা চাইকেল যোগাৰ কৰি দিছে এটা মোৰ ভাৱে আনটি ভাইটিৰ বাবে । তথা-তয়াকৈয়ে অন্ন এমুঠি লৈ দুয়োৱে লক্ষ্যলৈ গমন কৰিলো,কাৰণ বৰ্তমানৰ প্ৰক্ষাপথৰ কৰণা মহামাৰীঁকলৈ বিশ্বই সজাগ সচেতনাটোৰ সোঁত কঢ়িয়াইছে তাঁতেই যদি আমাৰ নিচিনা কলেজীয়া লৰাই গৃহ-বন্ধীৰ প্ৰতি অমান্য কৰিলে বৰ লাজৰ কথা নহব জানো সেইয়ে সামাজিক দুৰত্বৰ প্ৰতি চকু ৰাখি মুখত মুখাবস্ত্ৰ কৰিলো ।
শালমৰা হৈ পোতাবিলদি ৰাওনা হৈ পহুমৰা পালো , বা: বা: কি পৰিৱেশ যান্ত্ৰিকতাৰ চহৰখন যেন এটি গাৱৰ পথলৈ পৰিনত হৈছে মাত্ৰ পাৰ্থক্য এটাই পকী আৰু কেচা পথ । বাটটিও শান্তিৰে নিদ্ৰাত মগ্ন হৈ পৰিছে কোনে দিনে শব্দৰ অবিহনে থাকিব নোৱাৰা আজি শব্দৰ পৰিবৰ্তেই আছে ।
বাটৰ কাষে-কাষে থকা বন জোপাও হাঁহিমুখীয়াকৈয়ে ফুলিছে ,কুসুমৰ গুলপীয়া দুপাত্তাত পৰি পখিলা কাইয়েও প্ৰেমৰ ৰস বুটলিছে ,গছৰ ডালত বহি থকা কুলি কেতেকীয়ো মুক্তমনে শিল্পীৰে ৰূপ লৈছে কেৱল দৰ্শক নাই । বনজোপাৰ মিছিকিয়াঁ হাঁহিবোৰ পখিলাৰ প্ৰেমৰ খেলাবোৰ কোনে আমেজ লব এতিয়াচোন সকলোৱে গৃহবন্ধী ।
হয়টো গৃহবন্ধী নহলেহেতেন তেনেই মোহনীয় পৰিৱেশ উপভোগ নকৰিলেহেতেন ,তেনেকৈয়েইটো যান্ত্ৰিকতাৰ উপ্ৰেক্ষিতত তেনে দৃশ্য লুপ্ত হৈছে । কিছুসময় অতিক্ৰম কৰাৰ পাছত দেখিলো দুৰ্গামন্দিৰৰ সমীপথত এজন আৰক্ষী ,মানুহজন চকীত বহি নিদ্ৰাত মগন হৈছে বোধ কৰো আৰক্ষীজন উৰে-ৰাতি জনসাধাৰণৰ নিৰাপদৰ ভাৱে সকলো ত্যাগ কৰিছে তাকেই নকৰি কিছু অজ্ঞানতাৰ মানুহে গৃহবন্ধীৰ উলংগন কৰিছে ॥
সকলোচোন গৃহবন্ধী ভগৱান স্থিত ঠাইটো ,দুৰ্গামন্দিৰ,গনেশ মন্দিৰ আৰু শিৱ মন্দিৰ আদিও বন্ধ হাস্যকৰ কথাটো সেইটোৱে যে ভগৱানো মন্দিৰবোৰ তলা মাৰি নিজৰ নিজৰ বাসগৃহলৈ গন্তব্য হৈছেগৈ । পিছে ভুল নুভুজিব ,ধেমালীয়ে কৰিছো কাৰন ভগৱান স্থিত ঠাইত এতিয়া ভগৱানো নাই লগতে ভক্তও নাই, আছে মাথো তাঁত থকা শুকুলা পথিকৰ স্তুপবোৰ আছে ফুলিও উপাসিত পুষ্পবোৰ ,সুবাসত বিমুৰ হোৱা পখিলাজাকো । সময়ৰ পিছত সময় অতিক্ৰম কৰাৰ পিছত ছানমাৰিৰ গলিৰ প্ৰেৱেশদ্বাৰত প্ৰৱেশ কৰিলো । একেই দৃশ্য ছানমাৰিৰ প্ৰৱেশদ্বাৰত কোনোদিনে অন্ত নপৰা পৰুৱা জাকৰ দৰে সমাগম মানুহৰ ভীৰ আজি দেখোন নাই ,দুয়ো ভাইৰ পৰিৱৰ্তে ।
এজাক কাউৰী জাকো বাটত বহি জামলি দিছে, নিধক প্ৰাণীও খেলিছে , নিধক আৰু কাউৰীৰ মাজত মাংসহাৰীৰ টুকুৰাক লৈ বিবাদত নামি পৰিছে সেই বিবাদৰ বিচাৰ কৰিবলৈ কোনো নাই ॥আমি থকা কক্ষটোৰ প্ৰৱেশদ্বাৰটো তলা দিয়া হৈছে বোধ কৰো যে কৰণাৰ পৰা ৰক্ষা পাবলৈ অধিকতম নিয়ম মানিছে ॥ ইটো প্ৰৱেশদ্বাৰৰ পিছত ইটো প্ৰৱেশৰ পিছত কক্ষটোৰ প্ৰৱেশ কৰিলো--সেইয়া কি ?? আচৰিত দেখোন ভূতৰ চিনেমাৰ দৰে আমাৰ কক্ষটো দুইবেৰৰ কাষে কাষে কুমাৰে ঘৰ বনাইছে , ত্ৰিপটৰ চামনিত মকৰাই জাল পাতিছে খাদ্য সজ্জিত হবলৈ, হয়টো সকলেই যদি আহিলোহেতেন চাগে ভয়তে পবিয়া হলো হয় ॥ যদি তুলনা কৰো হিন্দী চিনেমাৰ "১৯২০ চন" নামৰ বোলছবিৰ লগত প্ৰায় সদৃশ , কলা কলা আৱৰণেৰে ডাকি ৰখা কক্ষ,চকা-মকা প্ৰতিলেপৰ ৰং,পিৰালিত গজি উঠা ক্ষুদ্ৰ ক্ষুদ্ৰ শেলাই আৰু ভেকুৰঁৰ উপাদান যেন তৈলজাত পদাৰ্থৰে মসৃন হৈ কৰিছে ॥
সুনিল ভ্ৰাতৃবৰৰ লগত সকলো নিত্য সামগ্ৰী আৰু জ্ঞানদেৱীক আৰাধ্য কৰা ঠাইটো চিকুণ কৰিলো কামবোৰ সুচাৰুৰূপে কৰাৰ পাছত ঘৰলৈ উভতি যোৱাৰ মন মেলিলো । কিন্তু সেইয়া কি শুনিছো বৰষা অহাৰ আগজাননি দিছে আকাশতো উৰুলি দিছে সকলোবোে দৃশ্য লক্ষ্য কৰাৰ পাছতো ঘৰলৈ উভতি যোৱাৰ ঠিৰাং কৰিলো ॥
**শ্ৰী তপন পায়েং*
*ল:তে:ক মহাবিদ্যালয়*
*উদ্ভিদ বিজ্ঞান বিভাগ*
*২য় ষন্মাসিক**
0 Comments