Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

১৮৫৭ বিদ্ৰোহ ,অসম আৰক্ষীৰ পৰীক্ষাকাকতৰ সম্ভাৱনীয় টোকা ,অষ্টমমান শ্ৰেণী,চিপাহী বিদ্ৰোহ ॥

    অষ্টমমান শ্ৰেণীৰ ইতিহাসৰ আৰ্হিত অসম  আৰক্ষীৰ আৰ্হিৰ কেইটামান সম্বাৱনীয়  ঠোকা            


       ‍                  ১৮৫৭ (1857)চনৰ বিদ্ৰোহ



ত্ৰয়োদশ শতিকাত ইংৰাজসকলে ভাৰতলৈ বেপাৰ বানিজ্যৰ ভাৱে  ইংৰাজ ইষ্ট ইন্ডিয়া কোম্পানীৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল । কালক্ৰমত দেশত ৰাজনৈতিক,অৰ্থনৈতিক ক্ষমতা আদি হস্তগত কৰিছিল । পৰবৰ্তী পৰ্যায়ত ইংৰাজ সকলে গ্ৰহন কৰা নতুন নতুন নীতিসমুহক ভাৰতীয় সমাজক বৰকৈ ক্ষতিগ্ৰস্ত কৰিছিল । এনে ক্ষতিগ্ৰস্তসমুহৰ ফলত বিদ্ৰোহৰ সুচনা হৈছিল ।
                                    ১৮৫৭  চনৰ বিদ্ৰোহৰ চৰিত্ৰত যদি লক্ষ্য কৰিলে দেখা-যায় যে বিদ্ৰোহৰ সুচনাৰ  মুল কাৰন বহুধৰনৰ

প্ৰথম কাৰণ :-
               -ভাৰতবৰ্ষত যিহেতু কৃষিশীল দেশ । প্ৰাক ইংৰাজী যুগৰ পৰাই ভাৰতবৰ্ষখন এখন গ্ৰাম্য প্ৰধান কৃষিভিত্তিক দেশ । ভাৰতৰ মানুহবোৰ বৃহৎশিল্প উদ্যোগ পৰিবৰ্তে হস্ত আৰু কুটিৰ শিল্পৰ উদ্যোগতো স্বাৱলম্ভী হৈ পৰিছিল । পৰৱৰ্তীৰ সময়ত ইংৰাজৰ উপনিবেশত ভাৰতৰ জনসাধাৰণৰ মাজত অৰ্থনীতিৰ কুঠাৰঘাত সৃষ্টি কৰিছিল । অষ্টাদশ শতিকাত দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষখন ইংৰাজৰ উপনিৱেশত এফালেদি  ইংলেন্ডলৈ প্ৰচুৰ পৰিমানে কেঁচামাল সৰবৰাহ কৰিছিল আৰু আনফালে ইংলেন্ডৰ শিল্পজাত সামগ্ৰীৰে ভাৰতৰ বজাৰ নিয়ন্ত্ৰন কৰি ইংৰাজে সাধাৰণ জনগনক ভয়াবহ অন্ধকাৰ নমাইছিল ॥

আনহাতে কৃষিক্ষেত্ৰত ভুমি ৰাজহৰ পৰিমান বৃদ্বি কৰা হৈছিল । তাৰমাজতে কৃষকসকল মধ্যস্বত্বভোগ আৰু মহাজনৰো বন্সনাৰ বলি হৈছিল ॥

দ্বিতৃয়তে :--
               -ইংৰাজৰ আমোলত প্ৰৱৰ্তন কৰা নতুন প্ৰশাসনিক নীতিৰ ফলত ভাৰতীয় সমাজসকলৰ অভিজাতসকল,সাধাৰন মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক বাহিনীৰ লোকো সা-সুবিধাৰ পৰা বন্সিত হৈছিল তাৰোপৰিও ইংৰাজৰ স্বাভিমানৰ বলি হৈ বহুতো শিক্ষিত ভাৰতীয়ই উচ্চ পদৰ চৰকাৰী চাকৰীৰ পৰা বন্সিত হৈছিল । তদুপৰিও ভাৰতীয় সকলৰ মাজত বৰ্ণবৈষম্যৰ সৃষ্টি কৰাইছিল আনহাতে লৰ্ড ডেলহাউচিৰ শাসন কালত ভাৰতীয় সকলৰ এচাম দেশীয় ৰাজকীয় মৰ্যদা উপাধি ,পেন্সন আদি পদচ্যুত কৰা হৈছিল ।

তৃতীয়তে:---সামৰিক বাহিনীৰ ক্ষেত্ৰত ইংৰাজৰ আমোলত কাম কৰা ভাৰতীয়সকলক কোনো গুৰুত্ব দিয়া নাছিল । ভাৰতীয় ধৰ্ম অনুসৰি সাগৰ যাত্ৰা কৰাটো বাধ্যতামুলক কৰাইছিল ইয়াৰ ফলত  ভাৰতীয় সকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল । আনহাতে  ভাৰতীয়সকলে ইউৰোপীয়সকলৰ হাড়ত ধৰমহা পোৱা নাছিল ।
                      ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণটো আছিল এনফিল্ড ৰাইফল গুলিৰ ব্যৱহাৰ এইবিদ গুলি বন্দুকত ভৰোৱাৰ পাছত দাঁতেৰে কামুৰি পেকেটতো হেৰুৱাব লাগিছিল । গুলিসমুহ চৰ্বীজাতীয় পদাৰ্থ মিহলাই দিয়া আছিল চৰ্বীটো গাহৰী আৰু চৰ্বীৰে তৈয়াৰি আছিল । ফলত ভাৰতীয় সেনাসকলৰ  ধৰ্মৰ  অপদস্ত হৈছিল ॥


((উক্ত বিৱৰণ বোৰ  SEBA শিক্ষাবৰ্ডৰ অন্তৰ্গত অষ্টম মান শ্ৰেনীৰ পৰা তুলি অনা হৈছে )))).....পৰৱৰতী সময়ত...))))

Post a Comment

0 Comments