মোৰ স্মৃতিত এতিয়াও ভতুৱা দলুং
ফাগুনে আকৌ কয়
তোমাৰ কথা ভতুৱা দলুং
নাজানো,কিয় ৰিঙিয়াই স্মৃতিৰে পৰাগ
তোমাৰ এই ঐনিতম
ডুমডুম শব্দৰে সেই গুমৰাগ ॥
নোৱাৰি থাকিব
ফাগুন আহিলেই ,
যেন ফাগুনৰ শিমলুৰ দৰে
যত উৰি যায় কপাহঁৰ দৰে
বুকৰংঙৰ পৰা তোমাৰ ভতুৱালৈ ॥
জীয়া জুৰিৰ নৈৰ কাষৰে যেন
আহিছিলো তোমাৰ ভতুৱালৈ
আলহী হৈ,
ঐনিতম গুমৰাগেৰে এডালি মাবলাৰে
স্বাগতম কৰিছিলা,
এতিয়াও মোৰ মনত আছে ॥
মিছিকিয়াঁ হাঁহিৰে লাজকুৰীয়া চাৱনি
কাংকান কায়ুমহতৰ ধুনীয়া মুখনি
য়ামে সকলৰ গনৰুক শুবন
হাতৰ চাপৰে ডুমডুমৰ ঢোলন
আজিও মাতে তোমাৰ ভতুৱালৈ ॥
শুকাহে নিকাহে তোমাৰেই সুৰ
সপোনে-দিঠকে তোমাৰেই শব্দ
নিজানৰ কোনত বাজি উঠা তুমিয়ে
এটি মিঠা নিতম,
আহিম এদিন আকৌ তোমাৰ কাষলৈ
ভতুৱা দলুং ॥
কাৰ্চাং তাঃকাঃৰ [[তপন পায়েং]]
বুকৰুং(দোঁৱাৰ গাঁও)
0 Comments